২০২৩
অৱয়ব
২০২৩ (2023, MMXXIII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ দেওবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২৩তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২৩ তম বছৰ আৰু ২০২০ দশকৰ চতুৰ্থ বছৰ। অসমীয়া দিনপঞ্জী মতে ১৪২৯-৩০ ভাস্কৰাব্দ বা ১৯৪৪-৪৫ শকাব্দ।
২০২৩ চনৰ ঘটনাৱলী
[সম্পাদনা কৰক]- ১০ জানুৱাৰী - ১৭ জানুৱাৰী - আফগানিস্তানত হোৱা তীব্ৰ শীত প্ৰৱাহৰ ফলত ১৬৬ জন মানুহৰ লগতে প্ৰায় ৮০,০০০ ঘৰচীয়া পশুৰ মৃত্যু হয়।[1]
- ৬ ফেব্ৰুৱাৰী - তুৰস্ক-ছিৰিয়াত হোৱা ৭.৮ প্ৰাৱল্যৰ ভূমিকম্পত কমপক্ষেও ৫০,০০০ মানুহৰ মৃত্যু হয় , ১২২,০০০ৰ বেছি মানুহ আহত হয়।[2][3]
- ২ জুন - ভাৰতৰ ওড়িশাত হোৱা ৰে'ল দুৰ্ঘটনাত কমেও ২৯৪ জন নিহত আৰু ১১৭৫ জন মানুহ আহত হয়।
- ১০ ছেপ্টেম্বৰ - লিবিয়াত হোৱা ঘূৰ্ণিবায়ুৰ ফলত কমেও ৫০০০ মানুহৰ মৃত্যু হয়। লিবিয়ান কতৃপক্ষই ১০,০০০ৰ পৰা ১০০,০০০ জন সন্ধানহীন হোৱাৰ কথা ঘোষণা কৰে।[4]
- ৬ নৱেম্বৰ - ইজৰাইল-হামাচৰ যুদ্ধত গাজাত নিহতৰ সংখ্যা ১০,০০০ অতিক্ৰম কৰে।[5]
- ১৯ নৱেম্বৰ - অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি ২০২৩ চনৰ বিশ্বকাপ ক্ৰিকেটৰ খিতাপ দখল কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Afghanistan cold snap kills over 160, Taliban officials say – DW – 01/28/2023". dw.com. https://www.dw.com/en/afghanistan-cold-snap-kills-over-160-taliban-officials-say/a-64546879। আহৰণ কৰা হৈছে: 2023-01-30.
- ↑ "Earthquake Kills More Than 110 People in Turkey, Syria". Bloomberg.com. 2023-02-06. https://www.bloomberg.com/news/articles/2023-02-06/magnitude-7-7-earthquake-strikes-in-turkey-gfz.
- ↑ "Powerful quake kills at least 360 people in Turkey, Syria". AP NEWS. 2023-02-06. https://apnews.com/article/earthquake-shakes-turkey-b927808f6a5c54bdb669120faa40b7bc। আহৰণ কৰা হৈছে: 2023-02-06.
- ↑ https://www.reuters.com/world/africa/powerful-storm-rolls-through-eastern-libya-killing-least-three-2023-09-11/
- ↑ Staff, C. N. N. (2023-11-06). "More than 10,000 killed in Gaza, Hamas-controlled health ministry says, as condemnation of Israel’s campaign grows" (en ভাষাত). CNN. https://www.cnn.com/2023/11/06/middleeast/gaza-10k-deaths-intl/index.html। আহৰণ কৰা হৈছে: 2023-12-30.